Islam Answer Zone Page
To promote social welfare. To promote brotherhood among society.
30/09/2026
কোনো আমীৰে ভুল কথা শিকালে তাৰ ইতাআত (অনুগত্য) জায়েজ নহয়, অনুগত্য কেৱল মা‘ৰূফ (ন্যায়সংগত) কামতহে
লিখক- আব্দুছ ছাত্তাৰ
একাংশ ব্যক্তিয়ে প্ৰচাৰ কৰে যে বিশেষ সংগঠনৰ আমীৰ(নেতা)ৰ অনুসৰণ নকৰিলে তাৰ মৃত্যু জাহেলিয়াতত হ'ব! তেওঁলোকৰ এই প্ৰচাৰ হাদীছৰ অপবাখ্যাহে মাথোঁ।
ৰাষ্ট প্ৰধান (আমীৰ) সংক্ৰান্তীয় হাদীছৰ উদৃতি দি কোনো বিশেষ সংগঠনৰ আমীৰৰ অনুসৰণ কৰিবলৈ সাধাৰণ জনতাক বাধ্য কৰোৱাটো হাদীছৰ স্পষ্ট অপবাখ্যা।
হাদীছটো চাওঁ আহঁক-
হজৰত আব্দুল্লাহ ইবনে উমৰ (ৰজ্বিয়াল্লহু আনহু)ৰ পৰা বৰ্ণিত:
مَنْ خَلَعَ يَدًا مِنْ طَاعَةٍ لَقِيَ اللَّهَ يَوْمَ الْقِيَامَةِ لَا حُجَّةَ لَهُ، وَمَنْ مَاتَ وَلَيْسَ فِي عُنُقِهِ بَيْعَةٌ مَاتَ مِيتَةً جَاهِلِيَّةً
অৰ্থ “যিয়ে আনুগত্যৰ হাত আঁতৰাই ল’লে, কিয়ামতৰ দিনা সি আল্লাহৰ সন্মুখত কোনো প্ৰমাণ নথকাকৈ উপস্থিত হ’ব। আৰু যিজন ব্যক্তিৰ ডিঙিত (আমীৰৰ) বায়আত নথকাৰ অৱস্থাত মৃত্যু হয়, তাৰ মৃত্যু জাহিলিয়াতৰ মৃত্যুৰ দৰে হয়।” (ছহীহ মুছলিম, হাদীছ ১৮৫১)
প্ৰকৃততে এই হাদীছত ৰাষ্ট্ৰপ্ৰধান (আমীৰ বা খলিফা) ৰ বিষয়ে কোৱা হৈছে। যদি ৰাষ্ট্ৰপ্ৰধান জন মুছলিম হয় আৰু ক্বুৰআন হাদীছ অনুযায়ী দেশ চলায় তেনে ক্ষেত্রত সেই নেতাৰ অনুসৰণ কৰাটো বাধ্যতামূলক। অন্যান্য হাদীছ লক্ষ্য কৰিলে সেয়া স্পষ্ট হৈ যায়।
হাদীছ-
হজৰত উম্মুল হুছাইন (ৰজ্বিয়াল্লহু আনহা)-ৰ পৰা বৰ্ণিত, তাই কৈছে—মই বিদায় হজ্জৰ সময়ত ৰছুলুল্লাহ (ছল্লাল্লহু আলাইহি ৱা ছাল্লাম)-ক ভাষণ দিয়া শুনিছোঁ,
إِنْ أُمِّرَ عَلَيْكُمْ عَبْدٌ مُجَدَّعٌ أَسْوَدُ يَقُودُكُمْ بِكِتَابِ اللهِ تَعَالَى فَاسْمَعُوْا لَهُ وَأَطِيعُوْا
“যদি তোমালোকৰ ওপৰত এজন নাক-কাণ কটা কৃষ্ণবৰ্ণৰ গোলামকো আমীৰ নিযুক্ত কৰা হয়, আৰু তেওঁ যদি তোমালোকক আল্লাহ তা‘আলাৰ কিতাপ অনুযায়ী পৰিচালনা কৰে, তেন্তে তোমালোকে তেওঁৰ কথা শুনিবা আৰু তেওঁৰ আনুগত্য কৰিবা।”
[মিশকাত, হাদীছ নং ৩৬৬২]
লক্ষ কৰক ৰছুলুল্লাহ(ছ:) এ কৈছে যে আমীৰ জনে ক্বুৰআন অনুযায়ী পৰিচালনা কৰিব লাগিব। তেতিয়াহে মুছলিম সকলে তাৰ অনুসৰণ কৰিব । এই কথা কোৱো হোৱা নাই যে আমীৰে নবী সকলৰ বিৰুদ্ধে বেয়া মন্তব্য কৰিলেও তাৰ অনুসৰণ কৰিব লাগিব।
আমীৰৰ অনুসৰণ কৰা সংক্ৰান্তীয় হাদীছৰ ব্যাপক প্ৰচাৰ তেওঁলোকে কৰে কিন্তু আমীৰে ভুল কথা শিক্ষা দিলে তাৰ অনুসৰণ কৰা যে জায়েজ নাই সেই হাদীছ বোৰ প্ৰচাৰ নকৰে।
মনত ৰাখিব আমীৰৰ অনুসৰণ কেৱল শুদ্ধ কথাৰ ওপৰতহে, আমীৰে যেতিয়া ভুল কথা বা কৰ্মৰ শিক্ষা দিয়ে তেতিয়া তাৰ অনুসৰণ কৰা উচিত নহয় ।
১) গুনাহৰ আদেশ দিলে আনুগত্য নাই
السَّمْعُ وَالطَّاعَةُ عَلَى الْمَرْءِ الْمُسْلِمِ، فِيمَا أَحَبَّ وَكَرِهَ، مَا لَمْ يُؤْمَرْ بِمَعْصِيَةٍ، فَإِذَا أُمِرَ بِمَعْصِيَةٍ فَلَا سَمْعَ وَلَا طَاعَةَ
অৰ্থ: “এজন মুছলিম ব্যক্তিৰ ওপৰত শুনা আৰু আনুগত্য কৰা কৰ্তব্য—তেওঁৰ ভাল লগা বা বেয়া লগা বিষয়তো—যেতিয়ালৈকে তেওঁক গুনাহৰ আদেশ দিয়া নহয়। কিন্তু যেতিয়া তেওঁক গুনাহৰ আদেশ দিয়া হয়, তেতিয়া কোনো শুনা আৰু কোনো আনুগত্য নাই।”
[ছহীহ আল-বুখাৰী, হাদীছ নং ৭১৪৪]
২) কেৱল ‘মা‘ৰূফ’ অৰ্থাৎ শুদ্ধ/বৈধ কামত আনুগত্য
لاَ طَاعَةَ فِي مَعْصِيَةِ اللَّهِ إِنَّمَا الطَّاعَةُ فِي الْمَعْرُوفِ
অৰ্থ: “আল্লাহৰ অবাধ্যতাত কোনো আনুগত্য নাই; আনুগত্য কেৱল মা‘ৰূফ (শুদ্ধ আৰু বৈধ) কামতেই।” [ছহীহ মুছলিম, হাদীছ নং ১৮৪০a]
মূল কথা: আমীৰৰ বৈধ আদেশত আনুগত্য কৰা হ’ব; কিন্তু আল্লাহৰ অবাধ্যতা বা গুনাহৰ আদেশ দিলে তাৰ আনুগত্য কৰা নাযাব।
এটা ঘটনা চাওঁ আহঁক-
হজৰত আলী ৰ(জ্বিয়াল্লহু আনহু)-ৰ পৰা বৰ্ণিত-
> بَعَثَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ سَرِيَّةً، وَأَمَّرَ عَلَيْهِمْ رَجُلًا مِنَ الْأَنْصَارِ، وَأَمَرَهُمْ أَنْ يُطِيعُوهُ، فَغَضِبَ عَلَيْهِمْ، وَقَالَ: أَلَيْسَ قَدْ أَمَرَ النَّبِيُّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ أَنْ تُطِيعُونِي؟ قَالُوا: بَلَى. قَالَ: قَدْ عَزَمْتُ عَلَيْكُمْ لَمَا جَمَعْتُمْ حَطَبًا وَأَوْقَدْتُمْ نَارًا، ثُمَّ دَخَلْتُمْ فِيهَا.
فَجَمَعُوا حَطَبًا فَأَوْقَدُوا نَارًا، فَلَمَّا هَمُّوا بِالدُّخُولِ فَقَامَ يَنْظُرُ بَعْضُهُمْ إِلَى بَعْضٍ، فَقَالَ بَعْضُهُمْ: إِنَّمَا تَبِعْنَا النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ فِرَارًا مِنَ النَّارِ، أَفَنَدْخُلُهَا؟
فَبَيْنَمَا هُمْ كَذَلِكَ إِذْ خَمَدَتِ النَّارُ، وَسَكَنَ غَضَبُهُ، فَذُكِرَ لِلنَّبِيِّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ:
«لَوْ دَخَلُوهَا مَا خَرَجُوا مِنْهَا أَبَدًا، إِنَّمَا الطَّاعَةُ فِي الْمَعْرُوفِ»
অৰ্থ- নবী কৰিম (ছল্লাল্লহু আলাইহি ৱা ছাল্লাম)-এ এটা সৈন্যদল প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ ওপৰত এজন আনছাৰী লোকক আমীৰ নিযুক্ত কৰিলে। লগতে তেওঁলোকক সেই আমীৰৰ আনুগত্য কৰিবলৈ নিৰ্দেশ দিলে।
এদিন সেই আমীৰজন তেওঁলোকৰ ওপৰত খং কৰিলে আৰু ক’ললে “নবী ছল্লাল্লহু আলাইহি ৱা ছাল্লামে তোমালোকক মোৰ আনুগত্য কৰিবলৈ নিৰ্দেশ দিয়া নাইনে?”
তেওঁলোকে ক’লে, “হয়, দিছে।”
তেতিয়া তেওঁ ক’লে—
“তেন্তে মই তোমালোকক নিৰ্দেশ দিছোঁ—তোমালোকে খৰি সংগ্ৰহ কৰা, জুই জ্বলোৱা আৰু তাৰ পিছত সেই জুইত প্ৰৱেশ কৰা।”
তেওঁলোকে খৰি সংগ্ৰহ কৰি জুই জ্বলালে। যেতিয়া তেওঁলোকে জুইত প্ৰৱেশ কৰিবলৈ উদ্যত হ’ল, তেতিয়া তেওঁলোকে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে। তেওঁলোকৰ মাজৰ কিছুমানে ক’লে—
“আমি দেখোন জুইৰ পৰা ৰক্ষা পাবলৈহে নবীজী (ছল্লাল্লহু আলাইহি ৱা ছাল্লাম)ৰ অনুসৰণ কৰিছিলোঁ। এতিয়া আমি আকৌ এই জুইত প্ৰৱেশ কৰিম নেকি?”
তেওঁলোক এনেদৰে থকা অৱস্থাতে জুই নুমাই গ’ল আৰু আমীৰজনৰ খংও শান্ত হ’ল। এই ঘটনাৰ কথা নবীজী (ছল্লাল্লহু আলাইহি ৱা ছাল্লাম)ক জনোৱা হ’ল। তেতিয়া তেখেতে ﷺ ক’লে—
> «لَوْ دَخَلُوهَا مَا خَرَجُوا مِنْهَا أَبَدًا، إِنَّمَا الطَّاعَةُ فِي الْمَعْرُوفِ»
“যদি তেওঁলোকে সেই জুইত প্ৰৱেশ কৰিলেহেঁতেন, তেন্তে তাৰ পৰা কেতিয়াও ওলাই আহিব নোৱাৰিলেহেঁতেন। আনুগত্য কেৱল ‘মা‘ৰূফ’ (জায়েয আৰু ন্যায়সংগত) কামতহে।” (ছহীহ বুখাৰী, হাদীছ নং ৭১৪৫)
ফাইদাহ:
ওপৰোক্ত হাদীছ সমূহৰ পৰা বুজা গ'ল-
ক) কোনো আমীৰে যদি কয় যে- "মুছা (আ:) এ তাবলীগৰ কাম বন্ধ কৰাৰ বাবে তেওঁৰ সম্প্ৰদায়ৰ বহু লোক গুমৰাহ হৈছিল " তেন্তে তেনে আমীৰৰ অনুসৰণ কৰাটো জায়েজ নহয় যেতিয়ালৈকে নিজৰ কথা উঠাই নলয়।
খ) যদি কোনো আমীৰে কয় যে - "কেমেৰা থকা মোবাইল লগত লৈ নামাজ পঢ়িলে নামাজ নহব, চাহে তুমি ফতূৱা যি ওলামাৰ পৰা নোলোৱা কিয়, মই যি কৈছোঁ এয়াই শুদ্ধ " । তেন্তে উক্ত আমীৰৰ অনুসৰণ কৰাটো জৰুৰী নহয়। কাৰণ তেওঁৰ মতামত স্পষ্ট ভুল। আৰু এনে ভুল কথা গ্ৰহণ কৰা আৰু প্ৰচাৰ কৰা উচিত নহয়।
ৰাষ্ট নেতা আৰু কোনো সংগঠনৰ নেতাক একাকাৰ নকৰিব :
ৰাষ্ট্ৰপ্ৰধান সম্পৰ্কে যিবোৰ হাদীছ আহিছে সেইবোৰ কোনো বিশেষ সংগঠনৰ ক্ষেত্রত প্ৰয়োগ কৰা উচিত নহয়। সংগঠন বা প্ৰতিষ্ঠান চলাবলৈ সেইবোৰ হাদীছ বৰ্ণনা কৰক য'ত ৰছুলুল্লাহ (ছ:) এ জামাত আঁকাৰে থাকিবলৈ কৈছে। ছফৰত আমীৰ বনাবলৈ কৈছে।
যদি ৰাষ্ট্ৰপ্ৰধান সম্পৰ্কীয় হাদীছ বিশেষ সংগঠনৰ ক্ষেত্রত প্ৰয়োগ কৰে তেন্তে চৰম অৰাজগতা আৰু সংঘাত হোৱাৰ সম্ভাৱনা আছে। কাৰণ হাদীছত আছে যে পৃথিবীত এজন আমীৰ থকাৰ পিছত দ্বিতীয় জনে আমীৰ দাবি কৰিলে দ্বিতীয় জনক হত্যা কৰিব লাগে।
হাদীছ-
" إِذَا بُويِعَ لِخَلِيفَتَيْنِ فَاقْتُلُوا الآخَرَ مِنْهُمَا " .
অৰ্থ: যেতিয়া দ্বিতীয় আমীৰ (খলিফা বা ৰাষ্ট্ৰ নেতা) ৰ বাবে বাইআত গ্ৰহণ কৰা হয়, তেতিয়া দ্বিতীয় জনক হত্যা কৰা (মুছলিম 1853)
এতিয়া এই হাদীছ যদি কোনো বিশেষ সংগঠনে লয় আৰু কয় যে- আমাৰ আমীৰ থাকোতে তোমালোকে আকৌ এজন আমীৰ কিয় বনাইছা? পৃথিবীত কেৱল আমীৰ এজনেই থাকিব সেইজন আমাৰ সংগঠনৰ আমীৰ, তেন্তে সংঘাত নহবনে?
ইমাৰতে শৰিয়ত নামৰ সংগঠনৰ এক আমীৰ আছে, আকৌ জমিয়ত উলামাৰ আমীৰ আছে, তাবলিগ জামাতৰ আমীৰ আছে, এতিয়া কওঁক কাক ৰাখিব? আৰু বাকী কেইজনক কি কৰিব? কাৰণ হাদীছ অনুযায়ী পৃথিবীত কেৱল এজন আমীৰ বা খলিফাহে থাকিব-
হাদীছ-
إِذَا كَانَ فِي الأَرْضِ خَلِيفَتَانِ فَاقْتُلُوا آخِرَهُمَا
অৰ্থ: যদি পৃথিবীত দুজন খলিফা (বা আমীৰ) হয় তেন্তে দ্বিতীয় জনক হত্যা কৰা (আব্দুৰ ৰাজ্জাক)
এই হাদীছ যদি কোনো বিশেষ সংগঠনে লয় প্ৰয়োগ কৰিব যায় তেন্তে অৰাজগতাৰ সৃষ্টি নহবনে? গতিকে ৰাষ্ট্ৰ প্ৰধান সম্পৰ্কীয় হাদীছ দ্বাৰা সাধাৰণ মানুহক বিশেষ সংগঠনৰ আমীৰ অনুসৰণ কৰিবলৈ চেষ্টা কৰাটো স্পষ্ট হাদীছৰ অপবাখ্যা।
18/08/2026
Namaz Siksha with Dalil
অসমীয়া ভাষাত প্ৰথম দলিলসহ নামাজ শিক্ষা মোবাইল এপ্লিকেশন
অতি সহজেই এতিয়া আপুনি google play store ৰ পৰা ডাউনলোড কৰিব পাৰে এই নিৰ্ভৰযোগ্য এপ খন ।
এই এপ খনৰ বৈশিষ্ট্য হ'ল-
ক) দলিল:
সকলো মাছাইল দলিলসহ লিখা হৈছে।
খ) এনিৰ্ভৰযোগ্য এপ্লিকেশন :
এই এপৰ লেখা সমূহ অসমৰ বিভিন্ন প্ৰান্তৰ কেইজনমান যুৱ ওলামাই লিখিছে । কোন অধ্যায় কোনে লিখিছে এপত তেখেতৰ নাম লিখা আছে। অৰ্থাৎ এইখন এখন নিৰ্ভৰযোগ্য এপ্লিকেশন।
গ) দুইয়ো পক্ষৰ দলিল:
কিছু মাছাইলত দুইয়ো পক্ষৰ দলিল পৰ্যালোচনা কৰা হৈছে। যেনে- তাৰাৱীৰ নামাজ, ৰাফুল য়াদাইনৰ হুকুম ইত্যাদি
ঘ) সংশোধনৰ সুযোগ:
কিবা ভুল দেখা পালে আপুনি direct এপ developer ক অৱগত কৰিব পাৰিব। এপত developer ৰ ফোন নম্বৰ দিয়া আছে।
ঙ) Update:
সময়ে সময়ে নতুন নতুন অধ্যায় সংযোগ হৈ থাকিব।
ডাউনলোড কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰক-
08/06/2026
14/04/2026
সময় উপযোগী লিখনি
#মৌ_বছিৰ_আহমেদ (গোলাঘাট)
🕌 নবী ছ:-ৰ শিক্ষা অনুসৰি:
পবিত্ৰতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ সহায় কৰে।
অধিকাংশ মুছলমান সমাজত বাধ্যতামূলক বা শক্তিশালী ভাবে পৰামৰ্শ দিয়াৰ প্ৰয়োজনীয়তা এনে ধৰণৰ।
🔬 #বৈজ্ঞানিক_দৃষ্টিভংগী (Scientific Evidence)
বহু চিকিৎসা আৰু গৱেষণাই খৎনাৰ কিছুমান স্বাস্থ্য জনিত লাভ দেখুৱাইছে:
✔️ সম্ভাৱ্য লাভসমূহ
সংক্ৰমণৰ সম্ভাৱনা কম।
📍 বিশেষকৈ HIV আৰু অন্য যৌন বাহিত ৰোগ কম হয় ।
(বিশ্ব স্বাস্থ্য সংস্থা – World Health Organization-এ কিছু ক্ষেত্ৰত ই সমৰ্থন কৰিছে)
📍 মূত্ৰনালী সংক্রমণ (UTI) কম হয় ।
📍 শিশু অৱস্থাত UTI হোৱাৰ সম্ভাৱনা অলপ কম দেখা যায়।
📍 পেনাইল কেন্সাৰ ৰিস্ক কম।
যদিও এই ৰোগ খুবেই দুষ্প্ৰাপ্য, খৎনা কৰা লোকত ই আৰু কম দেখা যায়
📍 স্বচ্ছতা বজাই ৰখা সহজ
fo****in নথকাৰ বাবে পৰিষ্কাৰতা বজাই ৰখা সহজ হয়।
⚠️ সম্ভাৱ্য অসুবিধা / বিতৰ্ক
⚖️ উপসংহাৰ
ইছলামত খৎনা মূলতঃ ধৰ্মীয় কৰ্তব্য আৰু পৰিচ্ছন্নতাৰ অংশ
বিজ্ঞানৰ দিশে কিছুমান স্বাস্থ্য লাভ আছে বুলি প্ৰমাণ পোৱা গৈছে।
খৎনা (circumcision) বিভিন্ন ধৰ্ম আৰু দেশত বেলেগ বেলেগ ধৰণে দেখা যায়। তলত ইছলাম, অন্য ধৰ্ম, আৰু বিভিন্ন দেশৰ মাজত তুলনামূলক আলোচনা দিয়া হৈছে:
#ধৰ্মীয়_তুলনা
🕌 ইছলাম
খৎনা কৰা নবী মুহাম্মদ ﷺ আৰু অন্যান্য নবীসকলৰ এটা চুন্নত। এই বিধান ইছলামৰ এটা গুৰুত্বপূর্ণ নিদৰ্শন আৰু মানুহৰ স্বাভাৱিক (ফিতৰত) অংশ। পবিত্ৰ হাদিছসমূহত এই কৰ্ম কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। পবিত্ৰতা ৰক্ষা কৰিবলৈ সহায়ক।
✡️ ইহুদী ধৰ্ম (Judaism)
খৎনা সম্পূৰ্ণ বাধ্যতামূলক
“Brit Milah” নামৰ বিশেষ ধৰ্মীয় অনুষ্ঠানত
জন্মৰ ৮ দিনৰ ভিতৰত কৰা হয় ।
Abraham-ৰ সৈতে কৰা ঈশ্বৰীয় চুক্তিৰ অংশ বুলি বিশ্বাস কৰা হয় ।
✝️ খ্ৰীষ্টান ধৰ্ম (Christianity)
সাধাৰণতে খৎনা বাধ্যতামূলক নহয়,
Jesus Christ-ৰ পিছত “আধ্যাত্মিক পবিত্ৰতা”ক অধিক গুৰুত্ব দিয়া হয় ।
কিছুমান খ্ৰীষ্টান সমাজত (বিশেষকৈ আমেৰিকা) চিকিৎসাগত বা সাংস্কৃতিক কাৰণে কৰা হয় ।
🕉️ হিন্দু ধৰ্ম
খৎনা কোনো ধৰ্মীয় বাধ্যবাধকতা নাই
সাধাৰণতে কৰা নহয় ।
🌍 দেশভিত্তিক তুলনা
🇺🇸 United States
খৎনা যথেষ্ট সাধাৰণ (বিশেষকৈ আগতে)
চিকিৎসাগত আৰু সাংস্কৃতিক কাৰণে কৰা হয়
এতিয়া হ্ৰাস পাইছে
🇬🇧 United Kingdom
সাধাৰণ জনসংখ্যাত কম
মূলতঃ মুছলমান আৰু ইহুদী সমাজত কৰা হয় ।
🇮🇳 India
মুছলমান সমাজত সাধাৰণ
অন্য ধৰ্মত প্ৰায় নাই
🇰🇷 South Korea
আশ্চৰ্যজনকভাৱে বহুত লোকৰ মাজত প্ৰচলিত
পশ্চিমীয়া চিকিৎসা প্ৰভাৱৰ ফলত বৃদ্ধি পাইছিল
🇵🇭 Philippines
“Tuli” নামেৰে পৰিচিত
সাংস্কৃতিক পৰম্পৰা হিচাপে কিশোৰ বয়সত কৰা হয়
🧠 চূড়ান্ত ধাৰণা
ইছলাম আৰু ইহুদী ধৰ্মত খৎনা স্পষ্টভাৱে ধৰ্মীয় কৰ্তব্য
খ্ৰীষ্টান আৰু অন্য ধৰ্মত ই ঐচ্ছিক বা অনুপস্থিত
দেশভেদে ইয়াৰ প্ৰচলন সংস্কৃতি, চিকিৎসা, আৰু ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে ।
11/04/2026
সমূহ অসমীয়া পাঠক সমাজক আমি জনাবলৈ পাই নথৈ আনন্দিত যে, ‘হজৰত মুহাম্মদ (ছ:)ৰ সকলো বিবাহ, বয়স, প্ৰেক্ষাপট আপত্তি আৰু উত্তৰ’ হাত পুথিখন ইতিমধ্যে প্ৰকাশ পাইছে ।
কিবা ভুল বা সংযোজন, বিয়োজনৰ প্ৰয়োজন অনুভব হ'লে লিখক অবগত কৰিবলৈ নাপাহৰিব।
যোগাযোগ- 7002587996 (Guwahati)
☪️ #উৰুচ_আৰু_বিপন্নইছলাম ☪️
কলম ✍️হাফিজ, মৌলানা,মুফ্ত ছাদিকুৰ ৰহমান ক্বাছিমী চাহাব।
সম্প্ৰতি ভাৰত উপমহাদেশত বিষেশকৈ বাংলাদেশ, পশ্চিমবংগ আৰু অসমত একাংশ মাজাৰ পূজাৰীৰ তত্বাৱধানত উৰুচ নামৰ এক অপ - সংস্কৃতিৰ ৰমৰমীয়া ব্যৱসায় চলিছে ।ইয়াত মাজাৰ পূজা, পৰপুৰুষ আৰু পৰ নাৰীৰ আবাধ মিলা মিছা, ভাং খোৱা আদি বহুতো শ্বৰীয়ত বহিৰ্ভূত কাম হৈ থকা পৰিলক্ষিত হৈছে। প্ৰণিধানযোগ্য যে, এনে উৰুচত অংশগ্ৰহণ কাৰী সকলৰ অধিকাংশই পাৰ্থিৱ আৰু দ্বিনী উভয় শিক্ষাৰ পৰা বঞ্চিত আৰু অত্যন্ত সৰল - হোজা শ্ৰেণীৰ লোক।
ইহঁতক ইঁহতৰ সৰলতাৰ সুযোগ লৈ ভণ্ডপীৰ প্ৰকৃতিৰ মুছলমান সমাজৰ কলংক একাংশ অসাধু ভন্ডই ধন ঘটাৰ উপকৰণ হিচাপে সংশ্লিষ্ট সহজ - সৰল লোক সকলক বিপথে পৰিচালিত কৰিছে।
পুৰুষ-মহিলাৰ অবাধ মিলা-মিছাৰ দৰে অবৈধ আৰু ইছলাম বহিৰ্ভূত কামৰ দ্বাৰাও আল্লাহ তা'আলাৰ সন্তুষ্টি লাভ কৰা সম্ভৱনে?
এওঁলোক আমাৰেই জাতি আৰু দ্বীনী ভাই। বাস্তৱ অভিজ্ঞতাৰ পৰা উমান পোৱা যায় যে, এওঁলোকক সামান্য বুজালেই সঠিক ৰাস্তাত আহি যায়। আমি ভালকৈয়ে অৱগত যে, এই পৃথিৱীত আৰু কোনো নবী (আঃ) ৰ আগমন নঘটে, গতিকে এই পথহাৰা মানুহক কোনে আল্লাহৰ ৰাস্তালৈ আহ্বান কৰিব??
নবী (ﷺ)এ কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা কৰি যোৱা দ্বীন এনেকৈয়ে ধ্বংস হৈ যাবনে? এই দ্বীন-ইছলামক বিপন্নতা আৰু ধ্বংসৰ পৰা বচোৱাৰ দায়িত্ব আমাৰ সকলোৰে। কেৱল আলিম - উলামাৰ বা তবলীগ জামাতৰ নহয়। এই ক্ষেত্ৰত উলামায়ে কেৰাম আৰু তবলীগী জামাতৰ ভাই সকলে ঘৰে ঘৰে গৈ তেওঁলোকৰ মাজত দ্বীনৰ দাৱাত পৌঁছাইছে, এয়াই আটাইতকৈ ফলপ্ৰসূ উপায়। কাৰণ এনে ধৰণৰ লোকক ছছিয়েল মিডিয়াৰ জৰিয়তে বা দূৰৰ পৰা দ্বীনৰ ফালে আহ্বান কৰিলে বা কঠোৰভাৱে সমালোচনা তেওঁলোক নাহে, কাৰণ দ্বীনৰ এই চেতনা আৰু সজাগতা তেওঁলোকৰ মাজত নাই। প্ৰেম আৰু মুহাব্বতৰ দ্বাৰা তেওঁলোকক দাৱাত দিব লাগিব।।
সেয়েহে আমাৰ বাবে জৰুৰী যাতে আমি দ্বীনৰ দাৱাত কেৱল ছছিয়েল মিডিয়াত সীমাবদ্ধ নাৰাখি ব্যক্তিগতভাৱে আৰু তবলীগী জামাত আকাৰে তেওঁলোকৰ মাজত গৈ দ্বীনৰ দাৱাত দিয়া। আল্লাহ তা'আলাই তেওঁলোকক আৰু আমাক সকলোকে হিদায়াত দান কৰক আৰু পৰিপূৰ্ণভাৱে দ্বীনৰ ওপৰত চলিবলৈ তৌফিক দান কৰক, আমীন🤲
03/12/2025
হাতত মাত্ৰ আৰু ২টা দিন সময় আছে ! পোষ্ট টো কৰি #ৱাকফ_সম্পত্তি বচাবলৈ সুবিধা কৰি দিব ইন শ্বা আল্লাহ
📌সংশ্লিষ্ট #ৱাকফ_সম্পত্তি'ৰ চক্ৰ বিষয়া'ৰ কাৰ্যালয়ত দাখিল কৰিবলগীয়া নথি-পত্ৰৰ তালিকা👇
শেষ তাৰিখ👉৫.১২.২০২৫ !
ৱাকফ'ৰ সম্পত্তি' বচাবলৈ এই সুযোগ মিছ নকৰিব ত অতি সোনকালেই আপোনাৰ ৱাকফ সম্পত্তি'ৰ পঞ্জীয়ন কৰক হাতত মাত্ৰ আৰু ২ দিন বাকী আছে
আঃ রাজ্জাক সাহেবের মতে—হযরত উসমান রাঃ খুৎবার পূর্বের আযান চালু করে বিদআতী হয়ে গেছেন
(নাউযুবিল্লাহ)৷ আঃ রাজ্জাক সাহেব খেয়াল করেন নি যে, হযরত উসমান রাঃ দ্বিতীয় আযান নয়,বরং প্রথম(যে আযান বর্তমানে মাইকে মানুষকে মসজিদে ডাকার জন্য দেওয়া হয়,সেই) আযান চালু করেছিলেন ৷
দলীলঃ—
حَدَّثَنَا يُوسُفُ بْنُ مُوسَى الْقَطَّانُ، حَدَّثَنَا جَرِيرٌ، ح وَحَدَّثَنَا عَبْدُ اللَّهِ بْنُ سَعِيدٍ، حَدَّثَنَا أَبُو خَالِدٍ الأَحْمَرُ، جَمِيعًا عَنْ مُحَمَّدِ بْنِ إِسْحَاقَ، عَنِ الزُّهْرِيِّ، عَنِ السَّائِبِ بْنِ يَزِيدَ، قَالَ مَا كَانَ لِرَسُولِ اللَّهِ ـ صلى الله عليه وسلم ـ إِلاَّ مُؤَذِّنٌ وَاحِدٌ فَإِذَا خَرَجَ أَذَّنَ وَإِذَا نَزَلَ أَقَامَ وَأَبُو بَكْرٍ وَعُمَرُ كَذَلِكَ فَلَمَّا كَانَ عُثْمَانُ وَكَثُرَ النَّاسُ زَادَ النِّدَاءَ الثَّالِثَ عَلَى دَارٍ فِي السُّوقِ يُقَالُ لَهَا الزَّوْرَاءُ فَإِذَا خَرَجَ أَذَّنَ وَإِذَا نَزَلَ أَقَامَ .
সায়িব বিন ইয়াযীদ (রাঃ) থেকে বর্ণিতঃ:
তিনি বলেন, রসূলুল্লাহ (সাল্লাল্লাহু ‘আলাইহি ওয়া সাল্লাম)-এর সময়ে মাত্র একজন মুযাযযিন ছিল। তিনি যখন (খুতবাহ দিতে) বের হতেন, তখন সে আযান দিতো এবং তিনি যখন (মিম্বার থেকে) নামতেন, তখন সে ইকামাত দিতো। আবূ বাক্র ও উমার (রাঃ)-এর আমলেও এ নিয়মই চালু থাকে। উসমান (রাঃ)-এর আমলে মুসলিমদের সংখ্যা বেড়ে গেলে তিনি বাজারে অবস্থিত আয-যাওরা নামক স্থান থেকে তৃতীয় আযান দেয়ার ব্যবস্থা করেন। অতঃপর তিনি যখন বের হতেন, তখন মুয়াযযিন আযান দিতো এবং তিনি মিম্বার থেকে নামলে সে ইকামাত দিতো।
বুখারী ৯১২-১৩, ৯১৫-১৬; তিরমিযী ৫১৬, নাসায়ী ১৩৯২-৯৪, আবূ দাঊদ ১০৮৭, আহমাদ ১৫৩০১। তাহক্বীক্ব আলবানী: সহীহ। তাখরীজ আলবানী: সহীহ আবূ দাউদ ৯৯৮, ৯৯৯।
সুনানে ইবনে মাজাহ, হাদিস নং ১১৩৫
হাদিসের মান: সহিহ হাদিস
Source: আল হাদিস অ্যান্ড্রয়েড অ্যাপ, IRD
↓
🌺খুতবার পূর্বের আযানটা মিম্বারের পাশে দেওয়া হতোঃ—
6646 - حَدَّثَنَا عَلِيُّ بْنُ الْمُبَارَكِ الصَّنْعَانِيُّ، ثنا مُحَمَّدُ بْنُ عَبْدِ الْأَعْلَى، ح وَحَدَّثَنَا عَبْدَانُ، ثنا هُرَيْمُ بْنُ عَبْدِ الْأَعْلَى، قَالَا: ثنا مُعْتَمِرُ بْنُ سُلَيْمَانَ، حَدَّثَنِي أَبِي، عَنِ الزُّهْرِيِّ، عَنِ السَّائِبِ بْنِ يَزِيدَ، قَالَ: «§كَانَ النِّدَاءُ عَلَى عَهْدِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَأَبِي بَكْرٍ وَعُمَرَ رَضِيَ اللهُ عَنْهُمَا عِنْدَ الْمِنْبَرِ وَأَوَّلُ مَنْ أَحْدَثَ النِّدَاءَ الْأَخِيرَ عُثْمَانُ رَضِيَ اللهُ عَنْهُ»
হযরত সায়েব বিন ইয়াজিদ রাঃ থেকে বর্ণিত,তিনি বলেনঃ
রাসূলুল্লাহ সঃ এর যুগে, আবূ বকর রাঃ এর খেলাফতকালে এবং ওমর রাঃ এর খেলাফতকালে খুতবার পূর্বের(দ্বিতীয়) আজানটা মিম্বারের নিকটে দেওয়া হতো ৷৷
আর,হযরত উসমান রাঃ প্রথম আজানের প্রচলন ঘটিয়েছিলেন ৷৷
(আল মুজামুল কাবীর লিত তাবারানী, হা/৬৬৪৬)
হাদীসটির স্তরঃ সহীহ, মারফূ ৷
①আলী ইবনে মুবারক কে আল্লামা ইরাকী রহঃ সিকাহ বলেছেন ৷ (ইরশাদুল ক্বসী ওয়াদ দানী, রাবী নং ৬৯৪) ইমাম হাকেম রহঃও তাকে সিকাহ বলেছেন ৷(সহিহাইন হা/নং ৩১৩১,,৩৩০৯,,৩৮৬৫ ইত্যাদি) তারিখুল ইসলাম লিয-যহাবী রাবী নং ৩৭১ তে উনার জীবনী এনেছেন ইমাম যহাবী রহঃ ৷
②মুহাম্মদ বিন আব্দুল্লাহ ثقة বা বিশ্বস্ত ৷(তাহযিবুত তাহযিব,রাবীঃ- ৪৮১, আল-কাশেফ,রাবীঃ ৪৯৮৪)
③আবদান ثقة বা বিশ্বস্ত৷(সিয়ার,রাবী নং ২৬১৬)
④হুরাইম বিন আব্দুল আ'লা ثقة(তাকরীবঃ৭২৮০)
এরপরের সকল রাবীই সহীহুল বুখারী মুসলিমের মশহুর রাবী ৷৷
সহীহ সরীহ এই বর্ননার বিপরীতে আবূ দাউদ ১০৮৮ নং হাদীসে علي باب المسجد বা মসজিদের দরজার উপর শব্দ এসেছে ৷৷
হাদীসটিকে শায়েখ আলবানী রহিঃ মুনকার বলেছেন ৷৷
এর কারণ হচ্ছেঃ-
①সহীহ সরীহ হাদীসে عند المنبر বা মিম্বারের নিকটে শব্দ এসেছে ৷
② হাদীসটি যুহরী রহঃ থেকে সর্বমোট ৭ জন বর্ননা করেছেন ৷৷ কিন্তু একমাত্র মুহাম্মদ বিন ইসহাক ব্যতিত অন্য কেউ ই علي باب المسجد বা মসজিদের দরজার উপর কথাগুলো বর্ননা করেন নি ৷ অর্থাৎ, মুহাম্মদ বিন ইসহাক এক্ষেত্রে একক ৷৷
আর, মুহাম্মদ বিন ইসহাক হচ্ছেন অত্যাধিক তাদলিসকারী রাবী, ইবনে হাজার রহঃ তাকে চতুর্থ স্তরের মুদাল্লিস বলেছেন ৷(তাবাকাতে মুদাল্লিসিনঃ ১২৫) আর তিনি উক্ত বর্ননাটি عنعنه করেছেন ৷৷ এবং উক্ত বর্ননার কোনো সামা বা শাহিদও নাই ৷
🌺হযরত উসমান রাঃ প্রথম আযানটা চালু করে যদি বিদআত করে থাকেন,তবে নীচের এই হাদীসটার কী হবে??
عَنِ الْعِرْبَاضِ بْنِ سَارِيَةَ قَالَ صَلَّى بِنَا رَسُوْلُ اللهِ صَلَّى اللّٰهُ عَلَيْهِ وَسَلَّم ذَاتَ يَوْمٍ ثُمَّ أَقْبَلَ عَلَيْنَا فَوَعَظَنَا مَوْعِظَةً بَلِيْغَةً ذَرَفَتْ مِنْهَا الْعُيُوْنُ وَوَجِلَتْ مِنْهَا الْقُلُوبُ فَقَالَ قَائِلٌ يَا رَسُوْلَ اللهِ كَأَنَّ هَذِهِ مَوْعِظَةُ مُوَدِّعٍ فَمَاذَا تَعْهَدُ إِلَيْنَا فَقَالَ أُوْصِيْكُمْ بِتَقْوَى اللهِ وَالسَّمْعِ وَالطَّاعَةِ وَإِنْ كَانَ عَبْدًا حَبَشِيًّا فَإِنَّهُ مَنْ يَعِشْ مِنْكُمْ بَعْدِى فَسَيَرَى اخْتِلاَفًا كَثِيرًا فَعَلَيْكُمْ بِسُنَّتِى وَسُنَّةِ الْخُلَفَاءِ الْمَهْدِيِّينَ الرَّاشِدِينَ تَمَسَّكُوا بِهَا وَعَضُّوا عَلَيْهَا بِالنَّوَاجِذِ وَإِيَّاكُمْ وَمُحْدَثَاتِ الأُمُورِ فَإِنَّ كُلَّ مُحْدَثَةٍ بِدْعَةٌ وَكُلَّ بِدْعَةٍ ضَلاَلَةٌ.
ইরবায বিন সারিয়াহ (রাঃ) থেকে বর্ণিতঃ:
তিনি বলেন, রাসূলুল্লাহ (সাল্লাল্লাহু ‘আলাইহি ওয়াসাল্লাম) বলেন, আমি তোমাদেরকে আল্লাহ ভীতির উপদেশ দিচ্ছি এবং তোমাদের আমীরের আদেশ শুনতে ও মান্য করতে উপদেশ দিচ্ছি যদিও তিনি একজন হাবশী গোলাম হোন। কেননা আমার পরে তোমাদের মধ্যে যারা বেঁচে থাকবে, তারা সত্বর বহু মতভেদ দেখতে পাবে। তখন তোমরা আমার সুন্নাতকে এবং সুপথপ্রাপ্ত খুলাফায়ে রাশেদ্বীনের সুন্নাতকে আঁকড়ে ধরবে। তাকে কঠিনভাবে ধরবে এবং মাড়ির দাঁত সমূহ দিয়ে কামড়ে ধরে থাকবে। সাবধান! দ্বীনের মধ্যে নতুন সৃষ্টি হতে দূরে থাকবে। কেননা (দ্বীনের ব্যাপারে) যেকোন নতুন সৃষ্টি হল বিদ‘আত এবং প্রত্যেক বিদ‘আত হল পথভ্রষ্টতা’ (আহমাদ, আবুদাঊদ, তিরমিযী, ইবনু মাজাহ, মিশকাত হা/১৬৫)।
ঊপদেশ, হাদিস নং ১৭২
হাদিসের মান: সহিহ হাদিস
Source: আল হাদিস অ্যান্ড্রয়েড অ্যাপ, IRD
22/10/2025
আল্লাহ তা'আলাই পৱিত্ৰ ক্বুৰ'আনুল কাৰীমত কৈছেঃ_
নবী আৰু মু'মিনহঁতে মুশ্বৰিকহঁতৰ বাবে ক্ষমা প্রার্থনা কৰা উচিত নহয়, লাগিলে সিহঁত নিজৰ আত্মীয়-স্বজনেই নহওক কিয়, যেতিয়া এয়া স্পষ্ট হৈ গৈছে যে, সিহঁত জাহান্নামী। ( ক্বুৰ'আনঃ৯ঃ১১৩)
#বিঃদ্ৰ আয়াত নং ১১৩: কোনো অমুছলিমৰ হিদায়তৰ বাবে দুআ কৰা বৈধ। কিন্তু যিসকল লোকে ইছলাম গ্ৰহণ কৰা নাই তথা কুফৰীৰ অৱস্থাত অর্থাৎ আল্লাহ আৰু তেওঁৰ একত্ববাদ, তেওঁৰ ৰছুল আৰু পৰকালৰ প্রতি অবিশ্বাস লৈ মৃত্যুবৰণ কৰিছে তেওঁলোকন বাবে পৰকালীন জীৱনত ক্ষমাপ্রাপ্তি আৰু স্বর্গপ্রাপ্তিৰ দুআ কৰা বৈধ নহয়। ৰছুলুল্লাহ (ছঃ) এ তেখেতৰ খুৰাক আবু তালিবৰ বাবে ক্ষমা প্রার্থনা কৰি থাকিব। বুলি সংকল্প কৰিছিল। একেদৰে অইন কিছুমান মুছলমানেও তেওঁলোকৰ কাফিৰ আত্মীয়-স্বজনৰ বাবে ক্ষমা প্রার্থনা কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল। কিন্তু আল্লাহ তাআলাই এই আয়াতটো অবতীর্ণ কৰি
মুছলমানসকলক কাফিৰ-মুশ্বৰিকসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ নিষেধ কৰি দিয়ে।
👉 #নোটঃ মৌলানা মুহাম্মদ আজিজুৰ ৰহমান আলমগঞ্জী চাহাবৰ দ্বাৰা অনূদিত আল-ক্বুৰআনুল কাৰীম নামৰ গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে।
✍️Ali Bhai
Category
Website
Address
Alerts
Be the first to know and let us send you an email when Islam Answer Zone Page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.
